বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব। বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন, ‘ৱেভ্ছ’ৰ পূৰ্বে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে চৰকাৰে দ্ৰুতগতিত বিকাশ লাভ কৰা সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে ‘ৱেছ’ক এখন একত্রিত গোলকীয় মঞ্চ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়টো তুলি ধৰিবলৈ চেষ্টা কৰিছে। আজিৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ ১০০ গৰাকীতকৈও অধিক ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে সমন্বিত দৃষ্টিভংগীৰে কাম কৰাৰ সম্ভাৱনাৰ সন্ধান কৰিব। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগান আৰু শীৰ্ষ সন্মিলনৰ আয়োজক ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছেও এই অনুষ্ঠানত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে ‘ৱেভ্ছ’ শীৰ্ষ সন্মিলনৰ প্ৰথমটো সংস্কৰণ অহা ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত আয়োজন কৰা হৈছে।
Assamese | March 13, 2025 3:21 PM | Akashvani News | Ashwini Vaishnaw
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিল্লীত গোলকীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব