কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩২ কোটি ৫১ লাখ টকা মুকলি কৰি দিছে। মন্ত্রালয়ে জনায় যে এই আঁচনিৰ জৰিয়তে এই ৱাৰ্ডসমূহৰ স্কুল, কলেজ আৰু আন পেচাদাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ হাজাৰ টকাৰ জলপানিৰ ব্যৱস্থা কৰা হৈছে। শ্রমিক কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানৰ প্ৰশাসনিক তত্বাৱধানত ১৮টা অঞ্চলত নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেলৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰি থকা হৈছে।
Assamese | April 4, 2025 8:41 PM | Akashvani Guwahati | Akashvani News | India Govt. | Ministry of Labour & Employment
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে