কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি শিৱসাগৰৰ দিখৌমুখ মহাবিদ্যালয়ত প্রতিষ্ঠাপক, অধ্যক্ষ প্রয়াত হৰেণ ভূঞাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষা আৰু সমাজলৈ হৰেণ ভূঞাই আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে।
যুৱ সমাজক কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু দক্ষতাৰে দেশ নির্মাণত অংশগ্ৰহণৰ আহ্বান জনাই তেওঁ ছাত্র-ছাত্রীসকলক চাকৰিমুখী হোৱাৰ পৰিৱৰ্তে উদ্যোগী হৈ চাকৰি সৃষ্টিৰ দিশত আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ বৰুৱা, পৰিচালনা সমিতিৰ সভাপতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।