কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনা জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অধ্যক্ষতা কৰা এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
যোৱা মাহত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ সকলো নিৰাপত্তা সংস্থাক নিৰ্দেশ দিছিল। জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা সংস্থাসমূহৰ সমন্বিত কাৰ্যপন্থাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
Assamese | February 5, 2025 7:51 PM | Amit Shah Meeting
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পর্যালোচনা বৈঠক