অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা চাৰে ১০ বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ ৪৩জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি ২০১৭ চনত এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই ৰাকেশ পালসহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দীৰ্ঘদিন ধৰি আদালতে বিভিন্ন পক্ষৰ ভাষ্য গ্ৰহণ কৰাৰ অন্তত কাইলৈ গোচৰটোৰ ৰায় দিব।
Assamese | July 21, 2024 7:53 PM | APSC Scam
কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় দান