বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্রন্থখন আজি কাৰ্বি আংলঙৰ ডিফুৰ ৰাংছিনা ভৱনত উন্মোচন কৰা হয়। লেখক, সাংবাদিক সঞ্জু বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গীতৰ বিশ্লেষণাত্মক প্ৰৱন্ধ সংকলনখন বিশিষ্ট লোকশিল্পী তথা প্রাক্তন বিধায়ক চন্দ্ৰকান্ত টেৰাঙে উন্মোচন কৰে। অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা গীতা হাঞ্চেপিয়ে নির্দিষ্ট বক্তা হিচাপে অসমীয়া জনজীৱনলৈ ড০ হাজৰিকাৰ সীমাহীন অৱদান সন্দৰ্ভত সাৰুৱা ভাষণ দিয়ে। অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বাৰিম ইংতি, কাৰ্বি সাহিত্য সভাৰ উপ সভাপতি খগেন ইংতি, ডিমাচা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজেন্দ্ৰ নুনিচা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
Assamese | October 4, 2026 7:59 PM | Dr Bhupen Hazarika
কাৰ্বি আংলঙৰ ডিফুৰ ৰাংছিনা ভৱনত ড° ভূপেন হাজৰিকাৰ কথকতা শীৰ্ষক গ্রন্থখন উন্মোচন