কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আমিনগাঁৱত আজি একুৱা কালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ শীৰ্ষক দিনযোৰা কৰ্মশালা অনুষ্ঠিত হয়। জিলাখনৰ আগশাৰীৰ ৫০ গৰাকী মৎস পালকে অংশগ্রহণ কৰা এই কৰ্মশালাত সৌৰ শক্তিৰ জৰিয়তে কম খৰচত মৎস পালন আৰু সংৰক্ষণৰ বিষয়ত প্ৰশিক্ষণ দিয়া হয়। জিল মীন উন্নয়ন বিষয়া ড০ সঞ্চয় শর্মা কর্মশালাত মুখ্য প্রশিক্ষক হিচাপে উপস্থিত থাকে। কর্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শীঘ্ৰে জিলাখনত সৌৰশক্তিৰ জৰিয়তে মীন পালন কৰি মৎস্য পালকসকল লাভৱান হব বুলি উল্লেখ কৰে।
Assamese | June 6, 2025 9:00 PM | Akashvani | Akashvani Guwahati | Akashvani News
কামৰূপৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আমিনগাঁৱত একুৱা কালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ শীৰ্ষক দিনযোৰা কৰ্মশালা