June 5, 2026 12:38 PM | Evection Cacher

printer

কাছাৰৰ উধাৰবন্দৰ আৰকাটিপুৰত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

কাছাৰৰ উধাৰবন্দৰ আৰকাটিপুৰৰ অবৈধভাৱে দখলিকৃত ভূমিত আজি জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে আকাটিপুৰ আৰু দয়াপুৰ অঞ্চলত পুৱাৰে পৰা চলোৱা অভিযানত শতাধিক বাসগৃহ উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানত ২০ খনতকৈও অধিক বুলড’জাৰ ব্যৱহাৰ কৰা হৈছে। আমাৰ কাছাৰৰ সংবাদদাকাই জনোৱা মতে বৰাক উপত্যকাত ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মিয়মান পথক কেন্দ্ৰ কৰি চৰকাৰৰ পৰা ক্ষতিপূৰণৰ ধন আত্মসাৎ কৰাৰ লক্ষ্যৰে কোনো অসাধু চক্ৰই নিশাৰ ভিতৰতে আকাটিপুৰ আৰু দয়াপুৰ অঞ্চলত শ শ অবৈধ ঘৰ, পুলি বাগান আদি নিৰ্মাণ কৰে। সংবাদমাধ্যমে এই তথ্য ফাদিল কৰাৰ পাছতে কাছাৰ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান চলায়। পৰিস্থিতি নিয়ন্ত্রন তথা এই অভিযান সফলভাৱে সমাপ্ত কৰাৰ বাবে প্ৰায় এহেজাৰ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হৈছে।