ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেস্কি কাইলৈ হ’বলগীয়া ইউৰোপীয় প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলনৰ পূৰ্বে আজি ব্ৰিটেইনত উপস্থিত হয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে জেলেস্কিৰ সৈতে আলোচনাত মিলিত হ’ব। ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানি আৰু অন্য নেতাসকলেও ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা।
Assamese | March 1, 2025 9:11 PM | Ukraine President
কাইলৈ হ’বলগীয়া ইউৰোপীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মিলনৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ব্ৰিটেইনত উপস্থিত