প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা নীতি, ব্যৱসায় আৰু সামাজিক খণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিজৰ প্ৰেৰণাদায়ক জীৱনযাত্ৰাৰ কথা ভগাই লোৱাৰ মঞ্চ ৰূপে কাম কৰিব। সন্মিলনখনে সহযোগিতা আৰু চিন্তাধাৰাকেন্দ্ৰিক নেতৃত্বৰ বাবে অনুকূলতন্ত্ৰৰ প্ৰসাৰত সহায় কৰিব। ইয়াৰ জৰিয়তে বিফলতা আৰু সফলতা উভয়ৰে পৰা শিক্ষা লাভৰ সুযোগ পোৱা যাব। এনে শিক্ষাই সন্মিলনত ভাগ লোৱা যুৱ শ্ৰোতাসকলক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে।
Assamese | February 20, 2025 7:09 AM | PM SUOL Leadership
কাইলৈ ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে