চৰকাৰে কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ড আৰম্ভ কৰিব। এই ৰাউণ্ডত ৬২ টা খণ্ড নিলাম কৰা হ’ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অহা সপ্তাহত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব।কয়লা মন্ত্ৰালয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে ২০২০ চনত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়াৰেপৰা মন্ত্ৰ্যালয়ে যোৱা ৯টা ৰাউণ্ডৰ অধীনত সফলতাৰে ১০৭ টা কয়লাখণ্ডৰ নিলাম প্রক্রিয়া সম্পূৰ্ণ কৰিছে। বৰ্তমান ১১ টা বাণিজ্যিক কয়লা খণ্ড কাৰ্যক্ষম হৈ আছে।
Assamese | June 14, 2024 8:02 PM | Akashvani News | Coal | coal India govt | India Govt.
কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ডত ৬২ টা খণ্ড নিলাম হ’ব