July 18, 2024 9:02 PM

views 54

বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত

কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক'ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক'লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা প্রকাশ কৰিছে।

July 4, 2024 3:06 PM

views 53

দেশত কয়লাৰ উৎপাদন বৃদ্ধি পাই যোৱা জুন মাহত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে

■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮.৮৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহে ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫.৪৯ শতাংশ অধিক।

June 14, 2024 8:02 PM

views 54

কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ডত ৬২ টা খণ্ড নিলাম হ’ব

চৰকাৰে কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ড আৰম্ভ কৰিব। এই ৰাউণ্ডত ৬২ টা খণ্ড নিলাম কৰা হ'ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অহা সপ্তাহত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব।কয়লা মন্ত্ৰালয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে ২০২০ চনত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়াৰেপৰা মন্ত্ৰ্যালয়ে যোৱা ৯টা ৰাউণ্ডৰ অধীনত সফলতাৰে ১০৭ টা কয়লাখণ্ডৰ নিলাম প্রক্রিয়া সম্পূৰ্ণ কৰিছে। বৰ্তমান ১১ টা বাণিজ্যিক কয়লা খণ্ড কাৰ্যক্ষম হৈ আছে।