■ আহমেদাবাদৰ বীৰ ছাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৱত ভঁৰালীয়ে প্ৰতিযোগিতাত তিনিটাকৈ নতুন অভিলেখ স্থাপন কৰি ল’ৰাৰ জুনিয়ৰৰ ৭৯ কিলোগ্রাম ওজন শাখাত স্বৰ্ণপদক হস্তগত কৰে। বেদব্ৰতে চে শিতানত ১৪৫ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জার্ক শিতানত ১৮১ কিলোগ্ৰাম উত্তোলন কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে ৩২৬ কিলোগ্রাম উত্তোলন কৰি তিনিওটা শিতানত অভিলেখ ৰচিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা অসমৰ পাঁচগৰাকী খেলুৱৈৰ কেউজনে স্বর্ণপদক জয় কৰি ৰাজ্যৰ লগতে দেশক গৌৰৱান্বিত কৰিছে।
Assamese | August 29, 2025 1:52 PM | Akashvani | Akashvani Guwahati | Assam Sports | weightlifting
কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্রদর্শন অব্যাহত