ওপজা দিনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্রদ্ধার্ঘ্য নিবেদন ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ

স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী, স্বাধীনতা সংগ্রামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ওপজা দিন। ১৮৯০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ লোৱা পৰিকল্পনাৰ গোপীনাথ বৰদলৈয়ে তীব্ৰভাৱে বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। অসমৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপোৱা আৰু অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। ১৯৯৯ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিনত সশ্রদ্ধ প্রণাম জনাইছে। এটা বার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে অসমী আইৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমবাসীক চিৰকাললৈ ৰক্ষাকবচ প্ৰদান কৰি গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পবিত্ৰ জয়ন্তী উপলক্ষে শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। অসমৰ স্বাৰ্থ, সংস্কৃতি আৰু জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে বৰদলৈয়ে জীৱনজোৰা সংগ্ৰাম কৰিছিল বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে বৰদলৈৰ অতুলনীয় দেশপ্রেম, দূৰদৰ্শী নেতৃত্ব আৰু জনসেৱাৰ আদৰ্শই ৰাজ্যবাসীক সদায় অনুপ্ৰাণিত কৰিব বুলি মত প্ৰকাশ কৰে ৷

00000

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।