■ এফ আই এইচ হকী প্ৰ’ লীগ প্ৰতিযোগিতাত আজি সন্ধিয়া নেডাৰলেণ্ডছৰ আমষ্টেলভিনৰ ৱাগেনাৰ হকী ষ্টেডিয়ামত ভাৰতীয় পুৰুষ দলটো আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১১ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি ভাৰত বৰ্তমান চতুর্থ স্থানত আছে। ইয়াৰ পূৰ্বে কালি দুয়োটা দলৰ মাজত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ৩-৪ ফলাফলত পৰাজিত হয়। ভাৰতৰ হৈ হৰমন প্রীত সিঙে তিনিটা আৰু অভিষেকে এটা গল দিয়ে। আৰ্জেণ্টিনাৰ হৈ মেটিয়াচ ৰে, লুকাচ মার্টিনেজ, চেণ্টিয়াগো তাৰাজোনা আৰু লুচিঅ’ মেণ্ডেজে এটাকৈ গ’ল দিয়ে।
Assamese | June 12, 2025 10:50 AM | Akashvani | Hockey | SPORTS
এফ আই এইচ হকী প্ৰ’ লীগত ভাৰতীয় পুৰুষ দল আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব