এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী মোদীৰ উপস্থিতিত হ’বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰহণ কৰিবলগীয়া ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এই কাৰ্যসূচীৰ বিভিন্ন দিশ সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, পীযুষ হাজৰিকা আৰু যোগেন মহনে পর্যালোচনা কৰে। এই বৈঠকখনত ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীৰ সন্মুখত উন্মোচন কৰিবপৰাকৈ পৰিৱেশন বীতি, অনুষ্ঠান প্ৰদৰ্শনস্থলীৰ ব্যৱস্থাপনা, ব্ৰেণ্ডিং আৰু প্ৰচাৰ তথা খাদ্য আৰু প্ৰাথমিক চিকিৎসাৰ সুবিধা নিশ্চিত কৰা সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ৷
Assamese | February 5, 2025 8:18 PM | Jhumur Binandini Meet
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হ’বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনা বৈঠক