কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় নৌ বহন নিগম – এছ চি আইক জাহাজ নিৰ্মাণ আৰু সামুদ্রিক সামৰ্থৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। SHIPPING CORPORATION OF INDIAৰ ৬৫ বছৰীয়া উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী সোণোৱালে কালি ভাৰতৰ শক্তি আৰু বাণিজ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শেহতীয়া হৰমুজ প্ৰণালীৰ সংঘাটৰ সময়ত এছ চি আয়ে গ্ৰহণ কৰা সুৰক্ষামূলক ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয়, যে Maritime Amrit Kaal Vision 2047 ৰ অধীনত দেশক জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নেতৃস্থানীয় দেশ হিচাপে পৰিগণিত কৰাৰ লক্ষ্যত এছ চি আয়ে সহায় কৰিব।
মহাৰাষ্ট্ৰৰ মৎস্য পালন আৰু বন্দৰ মন্ত্ৰী নীতিশ নাৰায়ণ ৰাণে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয়, যে এছ চি আয়ে জাহাজ চলাচলৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লগতে বাণিজ্য, নিয়োগ আৰু সামুদ্রিক অর্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু মুম্বাইৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আহিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰ্যালয়ৰ সচিব বিজয় কুমাৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি এছ চি আইৰ ভূমিকাৰ কথা উল্লেখ কৰে।
এছ চি আইৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কেপ্তেইন বি কে ত্যাগীও এই অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে ১৯৬১ চনত এছ চি আইৰ মাত্ৰ ১৯ খন জাহাজ আছিল আৰু বৰ্তমান এই জাহাজৰ সংখ্যা ৫৮লৈ বৃদ্ধি পাইছে।