October 3, 2026 12:38 PM

views 5

এছ চি আইক জাহাজ নিৰ্মাণ আৰু সামুদ্রিক সামৰ্থৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় নৌ বহন নিগম - এছ চি আইক জাহাজ নিৰ্মাণ আৰু সামুদ্রিক সামৰ্থৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। SHIPPING CORPORATION OF INDIAৰ ৬৫ বছৰীয়া উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী সোণোৱালে কালি ভাৰতৰ শক্তি আৰু বাণিজ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শেহতীয়া হৰমুজ প্ৰণালীৰ সংঘাটৰ সময়ত এছ চি আয়ে গ্ৰহণ কৰা সুৰক্ষামূলক ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয়, যে Maritime Amrit Kaal Vision ...

September 5, 2026 7:50 PM

views 17

আজি ইন্দিৰা মিৰিৰ জন্ম বার্ষিকী উপলক্ষে শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্ম বার্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহিলা আৰু সমাজৰ উপান্ত শ্ৰেণীসমূহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। শিক্ষাক সামাজিক পৰিৱৰ্...

November 1, 2025 8:51 PM

views 37

সংগীত শিল্পী ছৈয়দ ছাদুল্লালৈ ডিব্ৰুগড়ৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ শ্ৰদ্ধা

সংগীত শিল্পী ছৈয়দ ছাদুল্লাৰ ডিব্ৰুগড়ৰ নালীয়াপুলৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে শিল্পী ছৈয়দ ছাদুল্লাৰ প্ৰতিচ্ছবিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও শিল্পীগৰাকীৰ বাসগৃহৰ উপস্থিত হৈ তেওঁলৈ শ্রদ্ধা নিবেদন কৰে। সাংসদ গগৈয়ে প্রয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালৰ সৈতে মত ...

June 14, 2025 8:04 PM

views 29

চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সর্বানন্দ সোণোৱাল আৰু পিযুষ হাজৰিকাৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। বালিজান নৰ্থ চাহ বাগিছা আৰু বগৰীতলীয়াৰ ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া প্ৰা ডেৰ কিলোমিটাৰ এলেকা অতি বিপজ্জনক আৰু আন ৩ কিলোমিটাৰ অঞ্চল বিপজ্জনক হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয়। মন্ত্রী সোণোৱাল আৰু ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটো পৰিদৰ্শন কৰি তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট বিভাগক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।...

October 8, 2024 7:07 PM

views 58

ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্তোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম বিকাশ আৰু সম মর্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক, ঠেলা চালকসকলৰ সৈতে একেলগে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ উপৰি তেওঁলোকৰ সুখ-দুখ বিনিময় কৰে।