September 5, 2026 7:50 PM
8
আজি ইন্দিৰা মিৰিৰ জন্ম বার্ষিকী উপলক্ষে শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন সৰ্বানন্দ সোণোৱালৰ
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ইন্দিৰা মিৰিৰ জন্ম বার্ষিকী উপলক্ষে আজি শিক্ষাবিদগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ইন্দিৰা মিৰিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ কয় যে মহিলা আৰু সমাজৰ উপান্ত শ্ৰেণীসমূহৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। শিক্ষাক সামাজিক পৰিৱৰ্...