ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড ৰোমনালডেজ মাৰ্কোছ জুনিয়ৰে এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা কৰিছে। বেংগালুৰত আজি ফিলিপাইনছ-ভাৰত ব্যৱসায় মঞ্চত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুয়োখন দেশে আঞ্চলিক জ্ঞানৰ আদান-প্রদান, যোগান শৃংখলা সুদৃঢ় কৰা আৰু এই খণ্ডত ব্যাপক উদ্ভাৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ বৈদ্যুতিক বাহন, উন্নত বৈদ্যুতিক সামগ্ৰী, পুনৰ নৱীকৰণযোগ্য শক্তি, কৃষি, স্বাস্থ্য আৰু ছাইবাৰ সুৰক্ষা- এই ৬টা খণ্ডত দীঘলীয়া সহযোগিতাৰ কথা উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভেষজ, গৱেষণা, আৰ্হি আৰু বিকাশ, ডিজটেল প্ৰযুক্তি আৰু নিকা শক্তিৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ শলাগ লৈ ভাৰতৰ সৈতে এইসমূহ খণ্ডত অংশীদাৰিত্বলৈ আগ্ৰহ প্ৰকাশ কৰে।
Assamese | August 7, 2025 8:40 PM | Akashvani Guwahati | Akashvani News | India | India-Philippines
এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ