ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লৈ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গীতানগৰ মহাবিদ্যালয় কর্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে।
তেওঁ কয় যে ১৯৭৭ চনত মহাবিদ্যালয়খন প্রতিষ্ঠা কালত মহিলা মহাবিদ্যালয় হিচাপে প্রতিষ্ঠা কৰা হৈছিল। সেই সময়ত নাৰী শিক্ষাৰ সুবিধা তেনেই সীমিত আছিল বুলি তেওঁ কয়। ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা পদ্মশ্রী সন্মানেৰে সন্মানিত ইন্দিৰা মিৰিৰ প্রতিও শ্রদ্ধা জ্ঞাপন কৰে।
এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশ আলোকপাত কৰে। তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক ষ্টার্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।