ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰি-পাঁচ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা দিছে। ৰাজস্থানকে ধৰি এই অঞ্চলসমূহত অহা ১৬ মে’ৰ পৰা গ্ৰীষ্ম প্রবাহ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্রকাশ কৰিছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী আৰ কে জেনামানিয়ে কৈছে যে, আজি ভোটদান চলি থকা অঞ্চলসমূহত গ্রীষ্ম প্ৰবাহৰ সম্ভাৱনা বিৰাজ কৰা নাই। অন্ধ্রপ্রদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, বিহাৰ, ঝাৰখণ্ড আৰু দক্ষিণ ওড়িশাত স্বাভাৱিক উষ্ণতা দেখা পোৱা গৈছে। তেলেংগানা, পশ্চিমবংগ আৰু উত্তৰ অন্ধ্রপ্রদেশত বজ্রপাত তথা বৰষুণ হোৱাৰ সম্ভাবনা আছে বুলি বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰিছে। পশ্চিমবংগ, তামিলনাড়ু, কেৰালাকে ধৰি দক্ষিণ-পূব ভাৰতৰ কিছু অংশত তীব্ৰ বৰষুণ আৰু বজ্রপাত হোৱাৰ সম্ভাৱনা আছে।
Assamese | May 13, 2024 6:04 PM | IMD weather
উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত উষ্ণতা বৃদ্ধিৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ