ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে। বৰ্তমানলৈকে উদ্যানখনৰ ৮টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বর্তমানলৈকে উদ্যানখনৰ ৮টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে।

ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী, বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কৱলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে, বর্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্রমান্বয়ে বৃদ্ধি পাই আছে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্রত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে।