July 22, 2026 10:57 AM

views 35

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে। বৰ্তমানলৈকে উদ্যানখনৰ ৮টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বর্তমানলৈকে উদ্যানখনৰ ৮টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী, বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কৱলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ...