কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীযোশীয়ে কয় যে দুয়োটা বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ কৌশলগত পৰিকল্পনাৰ বিষয়ে বৈঠকখনত গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ লগতে দুয়োটা বিভাগৰ মাজত সময়মতে কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হয়।