ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সামৰিক অভিযানত প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। সেই অনুসৰি এতিয়াৰে পৰা এনে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ হ’লে ৰাষ্ট্ৰপতি ট্রাম্পে সংসদৰ অনুমোদন গ্রহণ কৰিব লাগিব।
বিধেয়কখনক লৈ যোৱা নিশা হোৱা ভোটগ্রহণত ৫০ গৰাকী সদস্যই ইয়াৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ৪৮ গৰাকী ছিনেটৰে প্ৰস্তাৱটোৰ বিৰোধিতা কৰে। দেশখনৰ নিম্ন সদনত যোৱা মাহত বিধেয়কখন গৃহীত হৈছিল।
অৱশ্যে, আমেৰিকা অথবা ইয়াৰ মিত্ৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে হ’বপৰা যিকোনো ধৰণৰ আক্ৰমণক প্ৰতিহত কৰিব পৰাকৈ পশ্চিম এছিয়াত দেশখনৰ সীমিত সংখ্যক সৈনিক নিয়োজিত কৰি ৰখাৰ প্ৰতি বিধেয়কখনত অনুমতি প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে আমেৰিকাৰ ছিনেটত ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠতা থাকিলেও এই দলৰ চাৰিগৰাকী সদস্যই দলীয় সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি বিধেয়কখনৰ সপক্ষে ভোটদান কৰে।