ইজৰাইলত হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। গাজাত থকা পণবন্দীসকলৰ মুক্তিৰ বাবে চৰকাৰক হামাছৰ সৈতে আলোচনা কৰিবলৈ ইজৰাইলী লোকসকলে আহ্বান জনাইছে। যোৱা ১৮ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হোৱা ইজৰাইলী সামৰিক অভিযানে পণবন্দীসকলক বিপদত পেলাব পাৰে বুলি ইজৰাইলী লোকসকলে উদ্বেগ প্রকাশ কৰিছে। গাজাৰ স্বাস্থ্য খণ্ডই যোৱা ২৪ ঘণ্টাত ৬০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে কাইলৈ হোৱাইট হাউচ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে, য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে গাজাৰ যুদ্ধবিৰতিৰ কথাই প্রাধান্য পাব বুলি আশা কৰা হৈছে।
Assamese | April 6, 2025 9:13 PM | israel hamas
ইজৰাইলত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ অব্যাহত