এইমছ নতুন দিল্লীয়ে ইউনিভাৰচিটী অৱ ব’ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি চিকিৎসা গৱেষণা, উদ্ভাৱন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এইমছ কর্তৃপক্ষই এটা বিবৃতিযোগে জনাইছে যে এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অহা যোৱা, শৈক্ষিক সন্মিলন আৰু সহযোগিতামূলক ডিগ্ৰী কাৰ্যসূচীৰ দৰে বিভিন্ন পদক্ষেপ সামৰি ল’ব। এই চুক্তিখনক মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰি এইমছৰ সঞ্চালক প্ৰফেছাৰ এম শ্রীনিবাসে কৈছে যে, ইয়াৰ দ্বাৰা প্ৰতিষ্ঠান দুখনে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰিব আৰু সমগ্ৰ বিশ্বক বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিয়াত সফল হ’ব।
Assamese | May 15, 2024 6:13 PM | Aims new delhi
ইউনিভাৰচিটী অৱ ব’ল্টন ইনষ্টিটিউট অফ মেডিচিনৰ সৈতে নতুন দিল্লীৰ এইমছৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ