ইউক্রেইনে ৰাছিয়াৰ ভ’লগগ্রাড চহৰৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগিক প্রতিষ্ঠানত আক্রমণ চলোৱা বুলি ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সদৰী কৰিছে। ইপিনে ৰাছিয়াই চলোৱা ড্রোন আক্রমণত ইউক্রেইনৰ উত্তৰ-পূব ছামি অঞ্চলত এজন লোক নিহত হৈছে।
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে সদৰী কৰে যে, ইউক্রেইনৰ মিছাইল আক্রমণত ভ’লগগ্রাডৰ টাইটান-বেৰিকাডি প্রতিষ্ঠানটোৰ ক্ষতিসাধন হৈছে। এই প্রতিষ্ঠানটো বৰহিলৈ আৰু বিশেষ সামৰিক সঁজুলি নিৰ্মাণৰ এটি প্রধান কেন্দ্ৰ হিচাপে পৰিচিত। ভ’লগগ্ৰাডৰ স্থানীয় কর্তৃপক্ষই জনোৱা অনুসৰি এই আক্ৰমণৰ ফলত দহজন লোক আহত হৈছে।
ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্রালয়ে দাবী কৰা অনুসৰি, এই আক্রমণে ৰাছিয়াৰ প্ৰায় বাৰটা অঞ্চলৰ লগতে অধিকৃত ক্রিমিয়া আৰু ইয়াৰ নিকটৱৰ্তী জলভাগক লক্ষ্য কৰি লৈছিল। মন্ত্রালয়ৰ দাবী যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ইউক্রেইনৰ ৬৬০টা ড্র’ন আকাশতে প্রতিহত কৰিবলৈ সক্ষম হৈছে।