আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ’বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰ্যালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মন্ত্রালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে, যে যুক্তিগত কাৰণতেই ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বিষয়টো সন্দৰ্ভত এখন স্থায়ী চুক্তিৰ দিশে আগবাঢ়িব পৰা যাব বুলি মন্ত্ৰ্যালয়ে আশা প্রকাশ কৰিছে। আলোচনাৰ প্ৰতি আগবঢ়োৱা সহযোগিতা আৰু সমর্থনৰ বাবে মন্ত্ৰালয়ে ইটালী চৰকাৰৰো শলাগ লৈছে। উল্লেখযোগ্য যে, বিষয়টো সন্দৰ্ভত আমেৰিকা আৰু ইৰাণৰ মাজত যোৱা ১২ এপ্ৰিলত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল।
Assamese | April 18, 2025 10:10 AM | America-Iran
আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ দ্বিতীয়লানি পৰমাণু আলোচনা