মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ যাত্ৰা কৰা এছ বি প্রীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে কালিও ব্ৰহ্মপুত্ৰৰ মাজত এছ বি জলতৰি নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ লাগে। সেয়েহে কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ অহা-যোৱা কৰা যাত্ৰীসকলক অফলামুখ ঘাটেৰে জল পৰিবহণ বিভাগে যাত্ৰাৰ ব্যৱস্থা কৰিছে।
Assamese | June 30, 2025 8:33 PM | Akashvani Guwahati | Ferry Service Close | Local news | Majuli
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে