ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ দেশৰ পশু চিকিৎসালয়সমূহক সমৃদ্ধ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা, তথ্যৰ বিশ্লেষণ আদিকে ধৰি বিভিন্ন পদ্ধতিয়ে পশু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে জীৱ-জন্তুসমূহৰ পৰিপুষ্টি আৰু চিকিৎসাৰ বাবে থলুৱা আৰু কম ব্যয় পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, যে সমগ্ৰ দেশতে স্বাস্থ্যৰ গুৰুত্বৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই অগ্রণী পশু চিকিৎসা প্রতিষ্ঠানখনে আই ভি আৰ আই পদ্ধতি ব্যৱহাৰ কৰি এইক্ষেত্ৰত বিশেষ উপকৃত হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে বিশ্বৰ বাবে এটা নিৰ্দিষ্ট দিশ নিৰ্ণয় কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথো এই অনুষ্ঠানত উপস্থিত থাকে। ৰাষ্ট্ৰপতিগৰাকীয়ে গোৰখপুৰৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান-এইমছৰ প্ৰথম সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃতি শিক্ষার্থীসকলক মেডেল প্রদান কৰিব।
Assamese | June 30, 2025 7:37 PM | Akashvani Guwahati | Droupadi Murmu | President of india
অন্যান্য খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি মুৰ্মু