প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী মোদীয়ে চিতা বাঘক পৃথিৱীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণী বুলি উল্লেখ কৰাৰ লগতে ৩ বছৰ পূৰ্বে আৰম্ভ কৰা চিতা প্ৰকল্পৰ সফলতাৰ কথা সুৱৰে। তেওঁ কয় যে প্ৰকৃতিৰ এই সুন্দৰ প্ৰাণীবিধৰ সুৰক্ষা তথা ইয়াৰ উপযোগী পৰিস্থিতি তন্ত্ৰৰ পুনৰূদ্ধাৰৰ লক্ষ্যৰে চিতা প্ৰকল্প আৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে হেৰাই যোৱা এনে প্ৰাণীবোৰৰ বাবে উপযোগী পৰিৱেশৰ পুনৰোদ্ধাৰ কৰা আৰু আমাৰ জৈৱ বৈচিত্ৰ শক্তিশালী কৰাৰ বাবেও এইয়া আছিল এটা গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। বৰ্তমান চিতা পর্যটন বৃদ্ধি হোৱাক লৈও প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে চিতা বাঘৰ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ সমৰ্থনৰ শলাগ লৈ কয় যে সকলোৰে সহগযোগিতামূলক প্রচেষ্টা, বিশেষকৈ চিতা মিত্ৰৰ অকুণ্ঠ সহযোগিতাৰ বাবে এই ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা গৈছে।
Assamese | December 4, 2025 6:21 PM | Akashvani | Akashvani News | Cheetahs | Narendra | PMO Modi
আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা