আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অর্থাৎ আবিলেকৰ উদ্যোগত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা পাঁচদিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ সাতোটা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আবিলেকৰ সঞ্চালক ড০ সুদেষ্ণা ভট্টাচাৰ্যৰ সঞ্চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড০ কামালউদ্দিন আহমেদ, ভাষাতত্ব বিভাগৰ মুৰববী অধ্যাপিকা ড০ বিভা ভৰালী আৰু বিশ্ববিদ্যালয়খনৰ আৰৱী ভাষাৰ মুৰব্বী অধ্যাপক ড০ আবু বক্কৰ ছিদ্দিকি উপস্থিত থাকে। এই কর্মশালাত কেইবাখনো জনজাতীয় সাহিত্য সভাৰ সভাপতি আৰু কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ডিমাছা, বড়ো, ৰাভা, তিৱা, মিচিং, দেউৰী আৰু কাৰ্বি ভাষালৈ জিকিৰ আৰু জাৰি কৰ্মশালাত অনুবাদ হোৱাৰ পাছত অহা বছৰৰ মাৰ্চত অসম চৰকাৰক প্ৰদান কৰা হ’ব।
Assamese | November 11, 2025 7:41 PM | Akashvani | Akashvani Guwahati | Akashvani News
আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত ৫ দিনীয়া জিকিৰ আৰু জাৰি ৰাজ্যৰ ৭টা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত