আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘আফ্রিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল’বলগীয়া জৈৱ সুৰক্ষা’ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ’ব।

অনুষ্ঠানত ভাগ ল’ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ-সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ-সঞ্চালক ডাঃ অক্ষয়ভট কেশৰীয়ে।

শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।