আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ম্যানমাৰৰ প্ৰাক্তন কাউঞ্চেলৰ আং চান চ্যু কিৰ বৰ্তমানৰ স্থিতি আৰু আঞ্চলিক শান্তি পৰিকল্পনা ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়।
২০২১ চনৰ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে আছিয়ান বিদেশ মন্ত্ৰী আৰু ম্যানমাৰৰ প্ৰতিনিধিৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত ফিলিপাইনৰ বৈদেশিক পৰিক্ৰমা অৱৰ সচিব মাৰিয়া থেৰেছা লাজাৰোৱে ম্যানমাৰৰ বিদেশ মন্ত্রী টিন মওং ছৱে ৮১ বছৰ বয়সীয়া চ্যু কিৰ সু- স্বাস্থ্য অটুত আছে বুলি প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে।
২০২১ চনৰ সামৰিক অভ্যুত্থানৰ সময়ত চ্যু কিক উচতনি যোগোৱা, দুৰ্নীতি, নিৰ্বাচনী প্ৰৱঞ্চনা আৰু চৰকাৰী গোপনীয়তা আইন উলংঘনৰ অভিযোগত ২৭ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। চ্যু কিৰ মিত্ৰসকলে এই অভিযোগ অস্বীকাৰ কৰি এয়া সম্পূৰ্ণৰূপে তেওঁৰ ৰাজনৈতিক কার্যকলাপত বাধা দিয়াৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰি আহিছে