February 15, 2025 7:19 PM | Akashvani Foundation Day

printer

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ১৯৬৯ চনৰ আজিৰ দিনটোতেই প্রতিষ্ঠা লাভ কৰা এই কেন্দ্ৰটোৱে উজনি অসমৰ ৯ খন জিলা তথা চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বৃহৎ সংখ্যক শ্ৰোতাৰ বাবে সেৱা আগবঢ়াই আহিছে। পুৱাৰ ভাগত মহিলা সৱলীকৰণ আৰু সামাজিক স্বাস্থ্যৰ সন্দৰ্ভত এক দিনজোৰা কৰ্মশালা অনুষ্ঠিত হয়। কর্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত আকাশবাণীৰ জ্যেষ্ঠ বিষয়া আশীষ ভাটনাগৰ আৰু দীপক যোশী উপস্থিত থাকে।