আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ’ব।
অনুষ্ঠানত ভাগ ল’ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই।
অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ৯৪৩৫৪-০৫২২২ -এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল’ব পাৰিব।