বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১১ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।
Assamese | December 18, 2024 10:44 AM | Assam Weather | Guwahati | IMD
অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ ফৰকাল হৈ থাকিব