July 3, 2026 8:00 PM | APSC Exam

printer

অহা দেওবাৰে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা

অহা দেওবাৰে হ’বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধিশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জিলাখনত প্রযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰমসূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত অকর্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্রয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে লাউড স্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ ম’বাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি অন্যান্য বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দৰং জিলাত মঙলদৈ ডনবস্কো হাইস্কুল আৰু ৰণজিৎ শৰ্মা একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হব।

ধেমাজি জিলাতো অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধেমাজি মহাবিদ্যালয় আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰ দুটাত শান্তিপূর্ণ, নিকা আৰু শৃংখলাবদ্ধভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।