ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ হোৱা বিধবংসী বান আৰু লোকপিয়লৰ ফলত শৈক্ষিক কাম-কাজত সৃষ্টি হোৱা বাধাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি কৰিছে। কালি জাৰি কৰা জাননী অনুসৰি পৰিষদে পাঠদানৰ সময় বৃদ্ধি কৰি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ ২২ ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু ৮ মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পর্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি পৰিষদে প্রদাশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ স্বাৰ্থত এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে।
Assamese | September 9, 2026 11:01 AM | Assam Education department
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি