অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ’বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহ’ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্রাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান-পোহাৰ খুলিবলৈ দিয়া নহ’ব।
এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ’ব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে।