অসম-নাগালেণ্ড সীমান্তৱর্তী অঞ্চলত সান্ধ্য আইন জাৰি

অসম নাগালেণ্ড সীমান্তৱর্তী অঞ্চলত উগ্ৰপন্থী আৰু সমাজ বিৰোধী শক্তিৰ অবৈধ চাল-চলন ৰোধ কৰাৰ লগতে অঞ্চলটোত শান্তি শৃংখলা বাহাল ৰখাৰ বাবে যোৰহাটৰ জিলা দণ্ডাধীশে সীমান্তৰ ৫ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে। এই সময়চোৱাত অঞ্চলটোত সকলো ধৰণৰ অসামৰিক বাহন আৰু ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশ সেনা, নিৰাপত্তাৰক্ষী, কৰ্তব্যৰত আৰক্ষী, দণ্ডাধীশ, বন বিষয়া আৰু অন্যান্য আইন প্রয়োগকাৰী সংস্থাৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব। এই নির্দেশনা সীমান্তবর্তী অঞ্চলত তৎকালে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে। এই নির্দেশ অমান্য কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২২৩ ধাৰাৰ অধীনত শান্তিমূলক ব্যবস্থা গ্রহণ কৰা হ’ব বুলিও জিলা দণ্ডাধীশে প্রকাশ কৰিছে।