গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই সৰুপথাৰ সমজিলা প্ৰশাসন আৰু বন বিভাগ তৎপৰ হৈছে। ইতিমধ্যে ড্ৰোণৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্রশাসন, চি আৰ পি এফ আৰু বন বিভাগৰ এটা দলে জৰীপ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে উৰিয়ামঘাটৰ প্ৰায় ৩ হাজাৰ বিঘাৰো অধিক বনাঞ্চলৰ ভূমি দখলকাৰীৰ কবলত থকাৰ তথ্য পোৱা গৈছে। অসম-নাগালেণ্ড সীমান্তৰ সোণাৰী বিল, পিঠাঘাট, খেৰবাৰী, দয়ালপুৰ, বিদ্যাপুৰ আদি অঞ্চল অনুপ্রবেশকাৰীৰ দখলত আছে। যিকোনো মুহূৰ্ততে সীমান্ত এলেকাত উচ্ছেদ অভিযান চলিব পাৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে।
Assamese | July 18, 2025 10:22 AM | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam
অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ’বঃ মুখ্যমন্ত্ৰী