কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ’লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | April 25, 2025 6:52 PM | Akashvani News | dristripat | Local news
অসমৰ ৩ গৰাকী নতুন উদ্যমীক লৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান