October 17, 2025 12:08 PM

views 112

যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ শনিবাৰে দৃষ্টিপাত অনুষ্ঠান

অসমত ৰে'ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰেল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে’লযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকু...

May 2, 2025 7:02 PM

views 58

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক দ্বিতীয়টো শৃংখলা প্ৰচাৰ

অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰী আৰু বিশিষ্টা আবৃত্তিকাৰ জুলিয়ানা বেগমে। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 25, 2025 6:52 PM

views 54

অসমৰ ৩ গৰাকী নতুন উদ্যমীক লৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 8, 2025 1:13 PM

views 66

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব । আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্রহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

January 25, 2025 6:41 PM

views 62

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত হ'বলগীয়া এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।  

January 9, 2025 8:36 PM

views 57

অহা শনিবাৰে আকাশবাণীৰ দৃষ্টিপাতত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. 18640-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

December 21, 2024 7:52 PM

views 68

আকাশবাণীৰ দৃষ্টিপাতত আজি বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ফোন-ইন এই অনুষ্ঠানত ভ্রমণ পৰিচালনাৰ সৈতে জড়িত দুগৰাকী উদ্যমী প্রজ্ঞাস্মিতা বৰা আৰু প্ৰিয়ংকা গোস্বামী সমল ব্যক্তিৰূপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই। এই অনুষ্ঠান চলি থকা সময়ত আগ্রহী শ্রোতাই ০৩৬১-২৬৬২৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰ দুটাত ফোন কৰি বিদেশ ভ্রমণ সম্পৰ্কত সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব ।

December 7, 2024 8:11 PM

views 51

আজি নিশা ৮বাজি ২মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮বাজি ২মিনিটত বনভোজৰ বতৰ - হাঁহি-ধেমালি, পৰিবেশ আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙ্গীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। টেলিফোনযোগে আমাৰ সংবাদদাতা আৰু কিছু সচেতন ব্যক্তি এই অনুষ্ঠানত সংযোজিত হ'ব।

November 22, 2024 8:11 PM

views 55

কাইলৈ দৃষ্টিপাত অনুষ্ঠানত বিধানসভাৰ উপ- নিৰ্বাচন ফলাফল সম্পর্কত বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ- নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটোৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠানত আকাশবাণীৰ সংবাদদাতাসকলে সমষ্টিভিত্তিত নিৰ্বাচনৰ ফলাফল সম্পর্কে ষ্টুডিঅ'ত থকা আলোচকসকলৰ সৈতে যুক্ত হ'ব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শ...

November 7, 2024 1:16 PM

views 59

আকাশবাণীত অহা শনিবাৰে দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ মুখ্য জ্যেষ্ঠ মুখ্য মহা প্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।