আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ- নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটোৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠানত আকাশবাণীৰ সংবাদদাতাসকলে সমষ্টিভিত্তিত নিৰ্বাচনৰ ফলাফল সম্পর্কে ষ্টুডিঅ‘ত থকা আলোচকসকলৰ সৈতে যুক্ত হ‘ব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰিব ।
Assamese | November 22, 2024 8:11 PM | dristripat
কাইলৈ দৃষ্টিপাত অনুষ্ঠানত বিধানসভাৰ উপ- নিৰ্বাচন ফলাফল সম্পর্কত বিশেষ অনুষ্ঠান প্ৰচাৰ