অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাবৰ জলন্ধৰ ছাউনী ৰে’ল ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰে।

বিকশিত ভাৰতৰ বাবে আধুনিক ৰে’ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে।

যাত্রী অনুকুল বিশ্বমানৰ সা-সুবিধাৰে পূর্ণ অমৃত ষ্টেচনসমূহত স্থানীয় সংস্কৃতি আৰু স্থাপত্য প্রতিফলন ঘটোৱা হৈছে। প্ৰতিটো ষ্টেচনতে উন্নত পার্কিং ব্যৱস্থা আৰু অপেক্ষাগৃহ ব্যৱস্থা কৰা হৈছে। তদুপৰি জলসংৰক্ষণ, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু সেউজ পৰিৱেশৰ ব্যৱস্থাও প্ৰতিটো ষ্টেচনতে গঢ়ি তোলা হৈছে।

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে’ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শ‍ইকীয়াই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ লয়।