অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে গোলকীয় অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয়, যে বৰ্তমানৰ ভাৰতে এখোজ এখোজকৈ আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ একবিংশ শতিকাৰ অনাগত ২৫ বছৰৰ দীৰ্ঘম্যাদী লক্ষ্য মনত ৰাখি বৃহৎ পৰিসৰত কামত অগ্ৰসৰ হৈছে। বিশ্বই বৰ্তমান ভাৰতৰ প্ৰশাসনত আস্থা ৰাখিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে দক্ষতাৰ দিশত খৰতকীয়াকৈ আগবাঢ়ি যোৱা দেশৰ যুৱ সমাজ আৰু মধ্যবিত্ত শ্ৰেণীৰ কথা উল্লেখ কৰে৷
Assamese | February 25, 2025 6:58 PM | Advantage Assam 2.0 | narendra modi
অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী মোদী