প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে নির্মিত অস্ত্ৰ, প্ৰতিৰক্ষা উৎপাদনৰ ৰপ্তানিৰ অভিলেখ আৰু বিশ্বজোৰা আস্থা দেশবাসীয়ে দেখিবলৈ পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হৈ উঠা বুলিও শ্ৰী সিঙে প্ৰকাশ কৰে।
Assamese | June 10, 2025 7:15 PM | Akashvani | Akashvani News | India Defence Ministry | RAJNATH SING
১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ