স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিছে। ৰাজ্যৰ বছা বছা ৭২ গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটী স্পৰ্টছ এছ’চিয়েচনে এই প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ১৭ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে। গোপীনাথ বৰদলৈ ট্ৰফী প্রতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে নিৰ্বাচিত হোৱা এই ১৭ গৰাকী খেলুৱৈৰ মাজত বিশ্বনাথৰ সৌৰভ কুমাৰ দে’ও নিৰ্বাচিত হৈছে। এই প্রশিক্ষণ গ্রহণ কৰিবলৈ দলটো অহা জুলাই মাহৰ শেষৰফালে গুৱাহাটীৰ পৰা স্পেইনলৈ ৰাওনা হ’ব।
Assamese | June 3, 2025 8:20 PM | Akashvani | Akashvani News | Football | Sports Assam
স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা